লখিমপুৰত যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ; মূৰ আৰু মুখমণ্ডলত আঘাতৰ স্পষ্ট চিহ্ন

লখিমপুৰৰ বাইপাছত চাঞ্চল্যকৰ ঘটনা। বাইপাছৰ কাষত যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ।

বাইপাছৰ পথৰ কাষত যুৱকজনৰ মৃতদেহ পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

তাৎপৰ্যপূৰ্ণভাৱে, মৃতদেহটোৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত ষ্টেণ্ড কৰি থোৱা অৱস্থাত যুৱকজনৰ মটৰচাইকেলখন উদ্ধাৰ কৰে।

মৃত যুৱকজনৰ মূৰ আৰু মুখমণ্ডলত আঘাতৰ স্পষ্ট চিহ্ন দেখিবলৈ পোৱা গৈছে। যাৰ বাবে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে লখিমপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় তথা হাস্পতাললৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *