লংকাৰ কাকীত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি

হোজাই জিলাৰ লংকাৰ কাকী অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটি পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়।

প্রাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা প্ৰায় ২:৩০ বজাত লংকাৰ কাকীৰ ১ নং কাকী ১ নং গাঁও গান্ধীপুখুৰী নিৱাসী প্ৰয়াত লক্ষী বৰাৰ বাসগৃহত জুইৰ সূত্ৰপাত হয়।। ঘটনাৰ সময়ত ঘৰখনত কোনো লোক উপস্থিত। ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ফলস্বৰূপে বাসগৃহটোৰ লগতে ঘৰত থকা বহুমূলীয়া আচবাবপত্ৰ, ফ্ৰীজ, ইনভাৰ্টাৰ, ৱাচিং মেচিন, বাচন-বৰ্তন আৰু অন্যান্য খোৱা-বস্তু তথা প্ৰয়োজনীয় নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

অৱশ্যে সময়মতে স্থানীয় ৰাইজে জুই দেখা পাই তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ী আৰু কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।এই আকস্মিক অগ্নিকাণ্ডই কাকীৰ গান্ধীপুখুৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *