যোৰহাটত চাঞ্চল্য! আদালত চৌহদত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

পানী মটৰ থকা এটা ঘৰত উদ্ধাৰ মৃতদেহ। যোৰহাট আদালত চৌহদৰ পানী মটৰ থকা এটা কোঠাৰ ভিতৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে যে আদালত চৌহদৰ পানীৰ মটৰটো চুৰি কৰিবলৈ আহিছিল যুৱকজন আৰু তেনে সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে।

উল্লেখ্য যে, বিগত কিছু দিন ধৰি আদালত চৌহদৰ পৰা এচিৰ কপাৰ কেবলকে ধৰি বিভিন্ন সামগ্ৰী সঘনাই চুৰি হৈ আহিছিল। ঘটনাৰ খবৰ পাই যোৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। মৃত যুৱকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *