মৰ্মান্তিক ! বাহনৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ দুজনৰ মৃত্যু

নগাঁৱৰ পুৰণিগুদামত মৰ্মান্তিক ঘটনা। বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু দুজন লোকৰ। গুৰুতৰভাৱে আহত আন তিনিজন লোক

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে দ্ৰুতগতিত অহা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ষ্ট্ৰীট লাইটৰ খুঁটাত খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে জ্বলি উঠে বাহনখন।

বাহনখনত মুঠ পাঁচজন লোক আছিল। ইয়াৰে দুজন লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে আন ৩ জনক সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ AR 01 W 5107।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা লোকসকল আছিল বিহাৰৰ।

আহত লোক দুজনৰ নাম বিকাশ কুমাৰ আৰু চনু কুমাৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল এটি শিশুও। বাহনখনৰ গৰাকী হ’ল বিহাৰৰ বিকাশ কুমাৰ। বাহনখনৰ চালক আছিল চনু কুমাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *