চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ

পুনৰ হিংসাজৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান থৌবাল আৰু ইম্ফল পশ্চিম জিলাত বুধবাৰে দুটা পৃথক অভিযান চলাই নিৰাপত্তা বাহিনীয়ে।

অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ এজন উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

থৌবাল জিলাৰ হাওখঙত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ১টা AK 56 ৰাইফল,১টা লাথোড গান,৩টা পইন্ট থ্ৰি টু‌ পিষ্টল,মেগজিন সহ দুটা নাইন এম এম পিষ্টল ৭টা হেণ্ড গ্ৰেনেড,৪০টা সক্ৰিয় গুলি সহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে।

সেইদৰে ইম্ফল পশ্চিম জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে এছ ব্ৰজেন্দ্ৰ সিংহ নামৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। খংঘামপাট এলেকাত নিৰাপত্তা বাহিনীৰ ওপৰত গুলি চালনাৰ সৈতে জৰিত উগ্ৰপন্থী জনৰ‌ পৰা ১টা AK ৰাইফল,২টা ইনচাছ মেগজিন,১টা হেণ্ড গ্ৰেনেড আৰু ৭১টা সক্ৰিয় গুলি জব্দ কৰা হয়।মমমমমমমমমমমমমমমমমমমমমমমমমমমমমম

Leave a Reply

Your email address will not be published. Required fields are marked *