মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত উত্তাল প্ৰতিবাদ

মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত জিলাখনৰ মাজমজিয়াত চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। জিলা কংগ্ৰেছৰ নেতৃত্বত প্ৰায় শতাধিক দলীয় কৰ্মীয়ে হাতে হাতে বেনাৰ,ফেষ্টুন, প্লে-কাৰ্ড লৈ চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিশেষকৈ NEET পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলৰ ফলত শিক্ষাৰ্থী সকলে সন্মুখীন হোৱা মানসিক হাৰাশাস্তি,নিযুক্তিৰ লেহেমীয়া গতি,নিবনুৱা সমস্যাৰ সমাধানহীনতা আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ জীৱন যাপনৰ ক্ষেত্ৰত দেখা দিয়া অচলাৱস্থাৰ বিষয়ে চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *