নলবাৰীত একেলগে জীৱন শেষ কৰিলে প্ৰেমিক-প্ৰেমিকাই!

এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নলবাৰীৰ বালিতাৰাত। একেলগে জীৱন শেষ কৰি দিলে এহাল প্ৰেমিক-প্ৰেমিকাই। বালিতাৰাৰ পথাৰৰ ফালে থকা এখন জংঘলৰ এডাল গছত চিপ লৈ নিজৰ জীৱন শেষ কৰি দিলে প্ৰেমিকহালে।২২ বছৰীয়া উজ্জ্বল কলিতা আৰু ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ জীৱন শেষ কৰি দিলে।

জানিব পৰা অনুসৰি বুধবাৰে নিশা ১২ বজাৰৰ পৰা সন্ধানহীন হৈ আছিল উজ্জ্বল কলিতা আৰু ১৬ বছৰীয়া কিশোৰীগৰাকী। পৰিয়ালৰ লোকে দুয়োৰে বিচাৰ খোচাৰ কৰিছিল। ওৰে নিশা বিচাৰিও সন্ধান পোৱা নাছিল উজ্জ্বল কলিতা আৰু ১৬ বছৰীয়া কিশোৰীগৰাকীৰ।

বৃহস্পতিবাৰে পুৱাই পথাৰলৈ গৰু লৈ যোৱা লোকে গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

নলবাৰীৰ বালিপাৰা ঘৰ মৃত উজ্জ্বল কলিতা আৰু নলবাৰীৰে ৰঙাবালিত ঘৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ। জানিব পৰা অনুসৰি দশমমানত অধ্যয়ন কৰি আছিল ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে।

উল্লেখ্য যে ওচৰৰে এখন গেলামাল দোকানত কৰ্মচাৰীৰূপে কাম কৰিছিল মৃত উজ্জ্বল কলিতাই। বুধবাৰে নিশা দোকান বন্ধ কৰি দোকানৰ স্বত্বাধিকাৰীৰ ঘৰত ভাত খাই ঘৰলৈ গৈছিল উজ্জ্বল কলিতাই। পৰৱৰ্তী সময়ত নিশা ঘৰৰ পৰা ওলাই আছিল উজ্জ্বল। এই ঘটনাই সমগ্ৰ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *