জীৱ-জন্তুৰ প্ৰতি থকা নিভেজাল মৰম আৰু আসক্তিয়ে মানুহক কিমান দূৰলৈ লৈ যাব পাৰে, তাৰে উদাহৰণ শ্ৰীভূমি চহৰত সংঘটিত হোৱা এক শোকাৱহ ঘটনা। চহৰখনৰ নীলমণি ৰোডৰ বাসিন্দা দ্বৈপায়ন সেন নামৰ এজন অমায়িক যুৱকে নিজৰ অতিকৈ মৰমৰ দুটাকৈ পোহনীয়া কুকুৰৰ মৃত্যুৰ গভীৰ শোক সহ্য কৰিব নোৱাৰি এক চৰম সিদ্ধান্ত বাচি লয়।
প্ৰাপ্ত খবৰ অনুসৰি, দ্বৈপায়ন সেনৰ প্ৰাণাধিক মৰমৰ কুকুৰ দুটা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। স্থানীয় চিকিৎসাৰ বাহিৰেও গুৱাহাটীলৈকেও লৈ গৈছিল কুকুৰদুটাক।
। কিন্তু দুৰ্ভাগ্যবশতঃ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি অৱশেষত মৰমৰ পোহনীয়া জীৱ দুটাই শেষ নিশ্বাস ত্যাগ কৰে।কুকুৰদুটাৰ মৃত্যুৰ পাছতে নিজৰ জীৱন শেষ কৰি দিয়ে দ্বৈপায়ন সেনে। চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে ৱাটচএপত ষ্টেটাছ দিছিল দ্বৈপায়ন সেনে। ৱাটচএপত ষ্টেটাছত দ্বৈপায়ন সেনে।কৈছিল ‘‘মোৰ মৃত্যুৰ বাবে কোনেও জগৰীয়া নহয়।’’