মহানগৰীৰ কামাখ্যা ৰেলৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নকল ধন

মহানগৰীৰ কামাখ্যা ৰেলৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নকল ধন।

কামাখ্যাৰ GRP পৰিদৰ্শক যাদৱ চেতীয়াৰ নেতৃত্বত মহানগৰীৰ কামাখ্যা ৰেলৱে ষ্টেচনত অভিযান।

অভিযানত জব্দ নকল ধনখিনি।

মুঠ ১ লাখ ৪৭ হেজাৰ টকাৰ নকল নোটৰ বাণ্ডিল জব্দ কৰে GRPয়ে।

৫০ হেজাৰ টকাৰে উক্ত নকল ধন খিনি ক্ৰয় কৰিছিল এগৰাকী নকল নোট সৰবৰাহকাৰীয়ে।

বিহাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ লৈ আহিছিল নকল ধনখিনি।

ঘটনা সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুগৰাকী বিহাৰৰ বুলি জানিব পৰা গৈছে।

ধৃত ব্যক্তি দুগৰাকীৰ নাম ৰাকেশ কুমাৰ আৰু ৰোহিত কুমাৰ।বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *