মহানগৰীত চাঞ্চল্যকৰ ঘটনা।
মহানগৰীৰ ছয়মাইল উৰণ সেতুৰ তলত যুৱকক ছুৰীকাঘাত।
পাঞ্জাবাৰীৰ বিনীত কুমাৰ ৰায় নামৰ এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আব্দুল মতলেবে।
আক্ৰমণকাৰী আব্দুল মতলেব বিলাসীপাৰাৰ বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে কৰায়ত্ত কৰে আক্ৰমণকাৰী আব্দুল মতলেবক।
ঘটনাস্থলীৰ পৰা আক্ৰমণ কৰা ছুৰীখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আহত বিনীত কুমাৰ ৰায় চিকিৎসাধীন হৈ আছে ।