চিৰাং জিলাৰ বিজনীত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত দুজন যুৱকৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।
নিহত যুৱক দুজন বিজনীৰ মাটিয়াপাৰা নিবাসী অজয় নমোদাস (২১) আৰু দেৱজিত মালাকাৰ (২০) বুলি জানিব পৰা গৈছে। আনহাতে, আহত যুৱকজন বিজনীৰ বাতাবাৰী নিবাসী পৰিতোষ বৰ্মণ।
প্ৰাপ্ত তথ্য অনুসৰি, বিজনীৰ পাণবাৰীত অনুষ্ঠিত কালীপূজাৰ মেলাৰ পৰা একেখন মটৰ চাইকেলেৰে নিজ গৃহ অভিমুখে উভতি আহি থকা অৱস্থাত বিজনীৰ খামাৰপাৰাত দুৰ্ঘটনাত পতিত হয় যুৱক তিনিজন।
দুৰ্ঘটনাৰ পিছতে তিনিওজনকে বিজনীৰ ভেটাগাঁওস্থিত অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসকে অজয় নমোদাস আৰু দেৱজিত মালাকাৰক মৃত বুলি ঘোষণা কৰে।
ইপিনে, গুৰুতৰভাৱে আহত পৰিতোষ বৰ্মণক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই শোকাৱহ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।