নগাঁও জিলাৰ ৰূপহীহাটৰ ১নং বৰঘুলীত চাঞ্চল্যকৰ ঘটনা।
নিশা ১নং বৰঘুলীত ভূমি বিবাদক কেন্দ্ৰ কৰি হিংসাত্মক পৰিস্থিতি।।একে পৰিয়ালৰ এডোখৰ মাটিক লৈ পৰিয়ালৰ মাজতেই সৃষ্টি হোৱা তীব্ৰ সংঘাতৰ বাবেই এই গুলীচালনাৰ ঘটনা!।
প্ৰাপ্ত তথ্য অনুসৰি, এক বিবাদমান ভূমিৰ স্বত্বক লৈ দীৰ্ঘদিন ধৰি উফাইদুল ইছলাম আৰু ছফিকুল ইছলামৰ পৰিয়ালৰ মাজত মনোমালিন্য চলি আছিল। সোমবাৰে নিশা উফাইদুল ইছলামৰ পৰিয়ালে উক্ত বিবাদমান ভূমিটুকুৰা দখল কৰিবলৈ যোৱাৰ সময়ত সৃষ্টি হয় তীব্ৰ সংঘাট।
অভিযোগ অনুসৰি,ছফিকুল ইছলামৰ পৰিয়ালে প্ৰায় ২০ ৰ পৰা ৩০ জনীয়া এটা দুৰ্বৃত্তৰ দল লগত লৈ উফাইদুল ইছলামৰ পৰিয়ালৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায় আৰু গুলীচালনা কৰে।
আনহাতে, দুৰ্বৃত্তৰ এই সশস্ত্ৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে গুলীবিদ্ধ হোৱাৰ লগতে আন ৫ জন লোক আহত হয়। এই ঘটনাত গুলীবিদ্ধ লোকজনৰ নাম ৰুস্তম আলী বুলি জানিব পৰা গৈছে। আহত ৰুস্তম আলীক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। ইপিনে আহত লোককেইজন ক্ৰমে- ইউছুফ আলী, উফাইদুল ইছলাম, আব্দুল বাৰেক, আতৰ আলী, মফিজুল ইছলাম আৰু ৰছিদুল ইছলাম।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত চুলুং আৰু উলুৱনী আৰক্ষী চকীত কৰ্তব্যৰত আৰক্ষীৰ দল উপস্থিত হয়। আৰক্ষীয়ে সংকটজনক অৱস্থাত আহত লোকসকলক উদ্ধাৰ কৰি তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিস্তৃত তদন্ত আৰম্ভ কৰিছে আৰু আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান ব্যৱস্থা চলাইছে।