পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে ওড়িশাত মৰ্মান্তিক ঘটনা। ॥শনিবাৰে নিশা ওড়িশা জাজপুৰ জিলাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুটি শিশুসহ এটা পৰিয়ালৰ চাৰিগৰাকী লোকৰ মৃত্যু।
অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে চাৰিটাকৈ গৃহ ভস্মীভূত হয় ।
জানিব পৰা মতে, নলীপুৰ পঞ্চায়তৰ মহলা গাঁৱৰ বাসিন্দ ছেক নিজামুদ্দিনৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে চণ্ডীখোল অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে । ইফালে, বালিচন্দ্ৰপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
নিহতসকলৰ ভিতৰত আছে নিজামুদ্দিনৰ কন্যা গুলাফছা পাৰবীন (২৬), বোৱাৰী টাবাছুম পাৰবীন (৪০), নাতিনী ৰোশ্নি পাৰবীন (১১) আৰু এটি ৮ মহীয়া নাতি । উক্ত ঘটনাত আহত এজন ব্যক্তিক বাৰাচানা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ সংকটজনক অৱস্থাৰ বাবে পিচত কটকলৈ প্ৰেৰণ কৰা হৈছে ।
ঘটনা সন্দৰ্ভত স্থানীয় বাসিন্দা অজয় কুমাৰ সামলে কয়, “শনিবাৰে শ্বেখ নিজামুদ্দিন তেওঁৰ কন্যা আৰু নাতি-নাতিনীৰ সৈতে গোপালপুৰৰ পৰা ইয়ালৈ আহে । তেওঁৰ ডাঙৰ বোৱাৰীয়ে ৰন্ধা-বঢ়া কৰি থকা অৱস্থাতে ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু দুটা শিশুৰ মৃত্যু হয় ।”
ঘটনাৰ সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া এগৰাকীয়ে কয় যে, অগ্নিকাণ্ডৰ বিষয়ে খবৰ লাভ কৰাৰ পিচতেই অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে । ইপিনে, শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে । বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই ।