বৰপেটাৰোডৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ! ৰেজিয়া খাতুনক প্ৰাক্তন স্বামীয়ে হত্যা কৰাৰ অভিযোগ

বৰপেটাৰোডত লোমহৰ্ষক ঘটনা। বাইকেৰে অহা দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ’ল মহিলাৰ। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তৰ।


বৰপেটাৰোডৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত হটাপাৰাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ আক্ৰমণৰ ঘটনা।
জানিব পৰা মতে, দুগৰাকী মহিলাই এখন দুচকীয়া বাহনেৰে হাউলীৰ দিশৰ পৰা বৰপেটাৰোড অভিমুখে আহি আছিল। সেই সময়তে পিছফালৰ পৰা এখন বাইকেৰে অহা অচিনাক্ত লোকে দুচকীয়া বাহনখনৰ পিছফালে বহি থকা মহিলাগৰাকীক অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আক্ৰমণৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তটোৱে।


মৃত মহিলাগৰাকীৰ পৰিয়ালে জনোৱা অনুসৰি, বাক্সা জিলাৰ বাটৌ পুখুৰীৰ হাছেন আলীৰ প্ৰাক্তন পত্নী ৰেজিয়া খাতুন। প্ৰায় ১৩ বছৰ পূৰ্বে দুয়োৰে বিবাহ হৈছিল আৰু তেওঁলোকৰ এটি ১০ বছৰীয়া পুত্ৰ সন্তান আছে। প্ৰায় দুবছৰ পূৰ্বে দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। বিবাহ বিচ্ছেদৰ পিছত ৰেজিয়া খাতুনে বৰবালাৰ মাকৰ ঘৰতে আছিল৷


ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, বিবাহ বিচ্ছেদৰ পিছতো হাছেন আলীয়ে ৰেজিয়া খাতুনক ফোনযোগে ভাবুকি দি আহিছিল। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত ৰেজিয়া খাতুনে বৰবালাৰ মাকৰ ঘৰৰ পৰা ওলাই গৈছিল। সেই সময়তে পিছফালৰ পৰা আক্ৰমণ কৰে দুৰ্বৃত্তই।


পৰিয়ালৰ লোকে ৰেজিয়া খাতুনৰ বিবাহ বিচ্ছেদ হোৱা স্বামী হাছেন আলীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *