সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সাময়িকভাৱে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ। পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ অন্তত সাময়িকভাৱে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ । সংগঠনৰ ছয়টা দাবীৰ ভিতৰত এটা দাবী পৰিবহণ বিভাগে মানি লোৱা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। অৱশ্যে বাকী পাঁচটা দাবী এতিয়াও মানি লোৱা হোৱা নাই।
সদৌ অসম মটৰ পৰিবহণ সন্থাৰ দাবী, অহা ১১ ডিচেম্বৰৰ ভিতৰত চৰকাৰে বাকী ৫টা দাবী মানি ল’ব লাগিব। অন্যথা ১৪ ডিচেম্বৰৰ পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ।
ইফালে, এই মুহূৰ্তত ৰাজ্যৰ সকলো বেচৰকাৰী বাণিজ্যিক বাহনৰ চকা ঘূৰিব পাৰিব বুলি সংগঠনে স্পষ্ট কৰিছে। অৰ্থাৎ সাময়িকভাৱে বাণিজ্যিক বাহনৰ চলাচল স্বাভাৱিক হোৱাৰ পথ মুকলি হৈছে।
অহা ৫ ডিচেম্বৰৰ পূৰ্বে পৰিবহণ মন্ত্ৰীৰ সৈতে সংগঠনৰ প্ৰতিনিধিৰ আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনাইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
উল্লেখ্য যে কেইবাটাও দাবীৰে বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্টকালীন চকা বন্ধৰ কাৰ্যসূচী অব্যাহত ৰাখিছিল সদৌ অসম মটৰ শ্ৰমিক সন্থাই। বাণিজ্যিক বাহন বন্ধ থকাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিছিল।
বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যমযোগে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱেই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে স্পীড লিমিটিং ডিভাইচ (SLD) আৰু ভেহিকল লোকেচন ট্ৰেকিং ডিভাইচ (VLTD) সম্পৰ্কীয় নিয়ম পালন কৰাৰ ক্ষেত্ৰত বাহনৰ মালিকসকলক ৪৫ দিনৰ সকাহ প্ৰদানৰ সিদ্ধান্ত লৈছে পৰিবহণ বিভাগে।
পৰিবহণ বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, এই ৪৫ দিনৰ সময়ছোৱাত সংশ্লিষ্ট নিয়মসমূহ পালন কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে জৰিমনামূলক ব্যৱস্থা গ্ৰহণৰ পৰা ৰেহাই দিয়া হ’ব।