ধুবুৰী জিলাৰ চাপৰৰ কাজিপাৰাত বিধ্বংসী অগ্নিকাণ্ড!
তৃপ্তি বেকাৰীৰ কাৰখানাত অগ্নিকাণ্ডৰ সূত্ৰপাত।
বিস্ফোৰণ দুটাকৈ গেছ চিলিণ্ডাৰ।ফলত অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহ।
লক্ষাধিক টকাৰ সা-সামগ্ৰী ছাইত পৰিণত।
উল্লেখ্য যে, উক্ত ঘৰটোতে বেকাৰীৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে প্ৰয়োজনীয় সামগ্ৰীসমূহ মজুত কৰি ৰখা হৈছিল।অগ্নিকাণ্ডৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।