চামগুৰিৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতি।
আৰক্ষীৰ জিম্মাত থকা নাইট্ৰজেন ভৰ্তি কেপচুল বাহনৰ পৰা আন এখন বাহনলৈ আনলোডিং কৰি থকা সময়তে সংঘটিত হয় অঘটন।
হঠাৎ বাহনখনৰ পৰা প্ৰচণ্ড গতিত নাইট্ৰজেন গেছ ওলাবলৈ ধৰে।
মুহূৰ্তৰ ভিতৰতে গেছ পথৰ কাষত থকা ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।
ঘৰৰ ভিতৰত গেছ সোমোৱাৰ লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়
আতংকত ঘৰ এৰি ওলাই আহে স্থানীয় ৰাইজ।
কিয়নো হৃদৰোগী সকলৰ বাবে এই নাইট্ৰজেন গেছ অতি ভয়ংকৰ।
নাইট্ৰজেন গেছে অক্সিজেনৰ পৰিমাণ কমাই দিয়ে।
তাৰোপৰি চামগুৰি গেন্ধালিস্থিত অক্সিজেন প্লাণ্টতে কোনো ধৰণৰ প্ৰতিৰক্ষা নোলোৱাকৈ নাইট্ৰজেন গেছ আনলোডিং কৰা অভিযোগ উঠিছে ।