বিধ্বংসী অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪জন লোকৰ মৃত্যু

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ ৪জন লোকৰ মৃত্যু লগতে অগ্নিকাণ্ড ভস্মীভূত বৃহৎ পৰিমাণৰ সা-সম্পত্তি।

প্ৰাপ্ত তথ্য অনুসৰি, অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে নিমিষতে জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটো আগুৰি ধৰে। এই অগ্নিকাণ্ডত অঞ্চলটোৰ মুঠ ২০টাতকৈও অধিক বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰি আন পাঁচটা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। তদুপৰি, ঘৰৰ চৌহদত ৰখাই থোৱা কেইবাখনো দুচকীয়া বাহন জুইত সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়।

ঘটনাৰ পাছতে স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অগ্নিনিৰ্বাপন কৰা হয় যদিও বহু পৰিয়ালৰ সৰ্বস্বান্ত হৈ পৰে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *