বাণিজ্যিক চিলিণ্ডাৰৰ যোগানক লৈ ডাঙৰ খবৰ।
বাণিজ্যিক ৰন্ধন গেছৰ যোগান পূৰ্বৰ স্তৰলৈ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ।
শেহতীয়াকৈ পশ্চিম এছিয়াত সৃষ্টি হোৱা সংকটকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে প্ৰৱৰ্তন কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনাৰ পাছত ভাৰত চৰকাৰে বাণিজ্যিক ৰন্ধন গেছৰ যোগান পূৰ্বৰ স্তৰলৈ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত।
কেন্দ্ৰীয় চৰকাৰে।বাণিজ্যিক ব্যৱহাৰৰ বাবে থকা এলপিজিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে।
বাণিজ্যিক এলপিজিৰ যোগান সংকট-পূৰ্ব স্তৰলৈ ঘূৰাই অনা চেষ্টা কেন্দ্ৰীয় চৰকাৰৰ।
বাল্ক এলপিজিৰ যোগান সংকট-পূৰ্বৰ অৱস্থাৰ সৰ্বাধিক ৫০ শতাংশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
অৱশ্য পাইপযুক্ত প্ৰাকৃতিক গেছ সংযোগ থকা গ্ৰাহকসকলক দীৰ্ঘম্যাদী সমাধান হিচাপে পিএনজি ব্যৱহাৰ অব্যাহত ৰখাৰ পৰামৰ্শও প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় পেট্ৰলিয়াম আৰিু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব নীৰজ মিত্তালে জাৰি কৰিছে এই নিৰ্দেশনা।