বজালী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

বজালীত দুগ্ধ প্ৰকল্প আৰু প্ৰস্তাৱিত বজালী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

বজালী জিলা অগপৰ সভাপতি জিণ্টু চৌধুৰীৰ প্ৰসংগত মন্তব্য বিধানসভাৰ অধ্যক্ষগৰাকীৰ

বজালীৰ পাঠশালাত অহা ১ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া ৭ কোটি ৫৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত দুগ্ধ প্ৰকল্পটো পৰিদৰ্শন কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে।

ইয়াৰ সমান্তৰালভাৱে পাটাছাৰকুছিৰ ধৰমতলাত প্ৰস্তাৱিত বজালী চিকিৎসা মহাবিদ্যালয়ৰ বাবেও নিৰ্ধাৰিত ভূমি পৰিদৰ্শন কৰে অধ্যক্ষগৰাকীয়ে।

পৰিদৰ্শনৰ সময়তে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শেহতীয়াকৈ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা অগপ নেতা জিণ্টু চৌধুৰীৰ প্ৰসংগতো মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে।

তেওঁ কয় যে অভিযোগ উত্থাপন হোৱা আৰু আদালতত দোষী সাব্যস্ত হৈ দণ্ডিত হোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

জিণ্টু চৌধুৰীৰ ক্ষেত্ৰত অসম গণ পৰিষদে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে

তেঁও অগপক প্ৰতিনিধিত্ব কৰা বুলি উল্লেখ কৰি যিহেতু ৰণজিৎ কুমাৰ দাস বিজেপিক প্ৰতিনিধিত্ব কৰিছে জিণ্টু চৌধুৰীৰ সন্দৰ্ভত মন্তব্য কৰাৰ প্ৰয়োজন নাই বুলিও স্পষ্ট কৰে অধ্যক্ষগৰাকীয়ে।

আনহাতে, বিধানসভাৰ উপাধ্যক্ষৰ সন্দৰ্ভত আইনী নিৰ্দেশনা লাভ কৰিলে সেই নিৰ্দেশনা অনুসৰিয়েই বিধানসভাৰ অধ্যক্ষই পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে।

নিৰ্বাচন আয়োগে বিধায়ক হিচাপে স্বীকৃতি দিয়া বিষয়টোৰ ভিত্তিতেই সংশ্লিষ্ট সাংবিধানিক প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আগন্তুক ভ্ৰমণক কেন্দ্ৰ কৰি পাঠশালাৰ দুগ্ধ প্ৰকল্পৰ উদ্বোধনৰ প্ৰস্তুতিৰ লগতে বজালী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱিত স্থানৰ উন্নয়নমূলক দিশসমূহো পৰিদৰ্শন কৰে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *