বজালীৰ ভৱানীপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মদন মোহন গোসাঁই থান সত্ৰত চুৰি ।
নিশা চুৰে ভাগিলে সত্ৰখনৰ কেবাটাও তলা ।
দুশখনৰো অধিক শৰাইৰ লগতে চুৰে লুটি নিলে বহু মূল্যৱান সামগ্ৰী ।
চুৰে চি চি টিভি ভঙাৰ লগতে লগত লৈ যায় চি চি টিভিৰ হাৰ্ড ডিস্ক।
ইয়াৰ পূৰ্বেও সত্ৰখনত সংঘটিত হৈছে কেইবাবাৰো চুৰি কাৰ্য ।
ঘটনাস্থলীত উপস্থিত ভৱানীপুৰ আৰক্ষী। ।
চোৰক বিচাৰি ভৱানীপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।