গুৱাহাটী মহানগৰীত গ্ৰীণ বাছৰ অতপালি। কামৰূপ (মহানগৰ) জিলা প্ৰশাসন
গ্ৰীণ বাছৰ বেপৰোৱা চলাচল, পথ নিয়ম উলংঘন আৰু যাত্ৰীৰ সুৰক্ষাক লৈ উত্থাপিত উদ্বেগৰ মাজতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে।
এতিয়াৰ পৰা গ্ৰীণ বাছসমূহে বাধ্যতামূলকভাৱে ৰাস্তাৰ বাঁওফালৰ লেনতেই চলাচল কৰিব লাগিব। লেন সলনি কৰি নিয়ম ভংগ কৰিলে সংশ্লিষ্ট বাছখনক সাত দিনৰ বাবে পথত চলাচল কৰিবলৈ দিয়া নহ’ব বুলি জানিবলৈ দিছে কামৰূপ মহানগৰ ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথি বৰাই।
ইফালে, ইতিমধ্যে ৬৩ জন গ্ৰীণ বাছ চালকৰ অনুজ্ঞাপত্ৰ (ড্ৰাইভিং লাইচেঞ্চ) বাতিল কৰা হৈছে। প্ৰশাসনে জনোৱা মতে, মহানগৰীত পথ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।
আনহাতে, জয়ন্ত সাৰথি বৰাই লগতে সদৰী কৰে যে, ইতিমধ্যে ৬৩ জন চালকৰ লাইচেঞ্চ বাতিল কৰা হৈছে । আমি সিদ্ধান্ত লৈছো প্ৰতিটো পথত কিমান গ্ৰীণবাছ বা চিটিবাছ চলিব, তাৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা কৰা হ’ব ৷”