পৱিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন

পৱিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সকলো সত্ৰ-নামঘৰ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সত্ৰনগৰী মাজুলীতো পহিলা ভাদৰ দিনটোত হৰি নামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে।

আজিৰে পৰা মাহেকীয়াকৈ আৰম্ভ হৈছে হৰিনাম কীৰ্ত্তন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ আৰু বদলা আতাৰ তিৰোভাৱ তিথিৰ লগতে অনুষ্ঠিত হ’ব শ্ৰীকৃষ্ণৰ জনাষ্টমী। ১৪ প্ৰসংগৰ উপৰি ২ প্ৰসংগ অতিৰিক্ত পৰিৱেশন হ’ব সত্ৰসমূহত।

নিত্য প্ৰসংগৰ উপৰি নৈমেত্তিক প্ৰসংগ অহোৰাত্ৰ পৰিৱেশন হ’ব ঐতিহাসিক কমলাবাৰী সত্ৰত। ঐতিহাসিক উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰত গুৰু কীৰ্তন হিচাপে ৪ দিনীয়াকৈ পালন হ’ব গুৰু দুজনাৰ তিথিৰ লগতে বদলা আতাৰ তিথি। চাৰিদিনীয়াকৈ আড়ম্বৰপূৰ্ণভাৱে প্ৰচলিত পৰম্পৰা পালন কৰা হ’ব।

সত্ৰীয়া সংস্কৃতিৰ সম্ভাৰ পৰিৱেশন হ’ব ঐতিহাসিক কমলাবাৰী সত্ৰত। গুৰু দুজনাৰ সৃষ্ট নৃত্য-নাট, গীত-বাদ্য আদি পৰিৱেশন হ’ব এই ভাদ মাহতে। আনহাতে আন আন সত্ৰসমূহতো থিয় নাম, দিহা নাম, সংকীৰ্তন আদি পৰিৱেশন হ’ব।
পুৱা ঊষা কীৰ্তনৰ পৰা আৰম্ভ কৰি বিয়লি আইসকলৰ নাম আৰু সন্ধিয়া পুৰুষসকলৰ থিয় নামলৈকে পৰিৱেশন কৰা হ’ব গাঁওসমূহতো। আজিৰ পৰা তিনি প্ৰহৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰ-নামঘৰ। মাজুলীৰ ৩৫খন ঐতিহাসিক সত্ৰৰ লগতে ৩ শতাধিক নামঘৰত ভাদ মাহটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব। পবিত্ৰ ভাদ মাহতে গুৰু দুজনাৰ সৃষ্ট সকলো সত্ৰীয়া সম্ভাৰ পৰিৱেশন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *