মহনগৰীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱন উদ্বোধন৷ নৱনিৰ্মীত কাৰ্যালয় ভৱনটি উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৮১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেবামহলীয়া সংহত কাৰ্যালয় ভৱনটিত আছে ৩৫০ কিলোৱাট সৌৰশক্তি উৎপাদনৰ ব্যৱস্থা ৷
নৱনিৰ্মীত কাৰ্যালয় ভৱনটি উদ্বোধনী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়, এই ভৱনটো মুকলি হোৱাৰ লগে লগে মহানগৰবাসীয়ে লাভ কৰিলে আয়ুক্ত স্থায়ী কাৰ্যালয় ৷ ৰাজ্য চৰকাৰে জিলা আয়ুক্ত ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে অনুৰূপ ক্ষমতা সম জিলা আয়ুক্ত সকলকো দিয়াৰ ব্যৱস্থা লৈছে৷ আনহাতে ৰাইজৰ কোনো কাম যাতে ফাইলৰ মাজত বন্দী হৈ নাথাক। তাৰ বাবে বিশেষ নজৰ দিয়ক আয়ুক্ত সকলে ৷ আনহাতে অসম সচিবালয়ত প্ৰায় ৫ লাখ ফাইল পেণ্ডিং হৈ থকা বিষয়টো উল্লেখ কৰি কয় এয়া আমাৰ বাবে দুৰ্ভাগ্যজনক৷ আগতে দৈনিক সচিবালয়লৈ কে’বাহাজাৰ লোকৰ সমাগম হোৱাৰ বিপৰীতে এতিয়া ৭ ০০ লৈ হ্ৰাস পাইছে৷ সচিবালয়ত থকা কোনো এটা বিভাগে সম্প্ৰতি ফাইল পেণ্ডিং কৰি নৰখাৰ বাবে এতিয়া ৰাইজে ইয়ালৈ নহাকৈ নিজৰ কাম সম্পন্ন হোৱা দেখা পাইছে ৷ কাৰ্যত তৰাম্বিত হৈছে সচিবালয়ৰ কামকাজ।
লগতে আয়ুক্ত কাৰ্যালয়ৰ পিছফালে থকা পিটনি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,’ৰূপনগৰত মুকলি হোৱা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পিছফালে থকা পিটনি দীঘলীপুখুৰীৰ দৰে সংৰক্ষণ কৰা হ’ব I
ৰাজ্য চৰকাৰৰ বিষয়া- কৰ্মচাৰী সকলক উদ্দেশ্যী মুখ্যমন্ত্ৰীয়ে কয় ৫ বজাৰ পিছত চৰকাৰী কাৰ্যালয়ত থাকিব নালাগে কর্মচাৰী কেৱল টেবুলত আধৰুৱা ফাইল থৈ নাযাব ১০ বজাৰ পৰা ৫ বজালৈ নিজৰ কাম ভালদৰে শেষ কৰি ঘৰমুৱা হওক৷