পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে APHLC-ৰ তীব্ৰ প্ৰতিবাদ।
প্ৰতিবাদকাৰীয়ে খেৰণিত দাহ কৰিলে বিধায়ক ডাঃ হাবে টেৰণৰ পুত্তলিকা।
হাবে টেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়াৰ লগতে বিধায়ক পদো খাৰিজ কৰাৰ দাবী APHLC-ৰ
কাবীন কিলিংপিৰ অভিযোগলৈ মুকলি সমৰ্থন APHLC-ৰৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি বিক্ৰম হাঞ্চেৰ।
কাবীন কিলিংপিৰ অভিযোগৰ পাছতে APHLC-য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰে।
APHLC-ৰৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি বিক্ৰম হাঞ্চেয়ে কয় যে, “তুলিৰাম ৰংহাং, বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং আৰু আজি হাবে টেৰণ- ইজনৰ পিছত সিজন নেতা নাৰী কেলেংকাৰীত জড়িত হৈ পৰিছে।”