নাবালিকা ছাত্ৰীক নিৰ্যাতন কৰা গোচৰত দোষীক ২০ বছৰৰ কাৰাদণ্ড

দক্ষিণ মাজুলী থানাৰ ১/২০২৪ নম্বৰ গোচৰত মাজুলী পক্স’ আদালত চূড়ান্ত ৰায়দান।

বিদ্যালয়ৰ ভিতৰতে নাবালিকা ছাত্ৰীক নিৰ্যাতন কৰা গোচৰত দোষীক ২০ বছৰৰ কাৰাদণ্ড।

বিদ্যালয়খনৰ চকীদাৰ মাধৱ মিলিক দোষী সাব্যস্ত কৰি আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। লগতে ১২ হাজাৰ টকাৰ জৰিমনাও বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত কাৰাবাস খাটিব লাগিব।

আদালতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পুনৰ সংস্থাপনৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা ৩ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিয়ে।

চৰকাৰী পক্ষৰ হৈ গোচৰটোত উকালতি কৰিছিল অধিবক্তা উত্তম শইকীয়াই।

অধিবক্তা উত্তম শইকীয়াই কয়, এই ৰায়দানে সমাজলৈ স্পষ্ট বাৰ্তা দিছে – নাবালিকাৰ ওপৰত অপৰাধ কৰা কোনেও ৰেহাই নাপায়।

এই ৰায়দানক মাজুলীৰ ৰাইজে আদৰণি জনাইছে। লগতে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে চিচিটিভি আৰু কৰ্মচাৰী নিয়োগত কঠোৰ পৰীক্ষাৰ দাবী উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *