নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাছা গাঁৱত এক উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ তৰাবৰি গাঁৱৰ ম: হুছেইন আৰু ডাঙৰীয়া গাঁৱৰ দীপমনি হুছেইনে বৰভাগৰ বৰবুকীয়া গাঁৱৰ দুগৰাকী খিলঞ্জীয়া যুৱতীক বিয়া কৰাই বৰগাছা গাঁৱত মাটি দখল কৰি নতুনকৈ ঘৰ সাজি থাকিবলৈ লৈছে। আনকি ৰাজনৈতিক ক্ষমতা খটুৱাই ভোটাৰ তালিকাতো নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু বজৰংগ দল একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত অঞ্চলটোৰ পৰা তেওঁলোকক এমাহ অৰ্থাৎ ৩০ দিনৰ ভিতৰত ঘৰ ভাঙি আঁতৰি যাবলৈ সকিয়াই দিয়ে ।