নতুন দিল্লীৰ ৰামলীলা ময়দানত আমছুৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট!

নতুন দিল্লীৰ ৰামলীলা ময়দানত আমছুৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট! অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া বিভিন্ন জ্বলন্ত সমস্যা সমাধান পূৰণৰ লক্ষ্যৰে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে (আমছু) দেশৰ ৰাজধানী নতুন দিল্লীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ধৰ্মঘট কাৰ্যসূচীত আমছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ৰামলীলা ময়দানৰ আকাশ-বতাহ কঁপাই তোলে।

সংগঠনটোৱে উত্থাপন কৰা মূল দাবীসমূহ হ’ল—

অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মৌলিক অধিকাৰ আৰু জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা।

সংখ্যালঘু ৰাইজৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰা।

ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে বিভিন্ন দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা।

এই তিনি ঘণ্টীয়া শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমছুৱে কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে এই দাবীসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অন্যথা অনাগত দিনত দিল্লীৰ লগতে সমগ্ৰ অসমজুৰি গণতান্ত্ৰিক আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলিও সংগঠনটোৱে সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *