ধেমাজিৰ বান পৰিস্থিতিৰ খবৰ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ধেমাজিত বানৰ সংহাৰী ৰূপ। চিমেন নৈৰ বানে বুৰাইছে চিমেনমুখ গাঁও পঞ্চায়তৰ বহু গাঁও। বানৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।।

চিমেন চাপৰিৰ বানত উটি গ’ল ৪জন লোক। ব্ৰহ্মপুত্ৰত জীৱন্তে উদ্ধাৰ কৰা হয় ৩জন লোকক। আন এজনৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই। সন্ধানহীন লোকজন বালিখুঁটিৰ সুদাময়া যাদৱ বুলি জানিব পৰা গৈছে।

ইফালে চিমেন নৈৰ ওপৰত থকা ৰে’লৱে’ দলং ভঙাৰ বাবে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। যাৰ বাবে মুৰ্কংচেলেকলৈকে নচলিব লাচিত এক্সপ্ৰেছ।

ধেমাজিৰ বান পৰিস্থিতিৰ খবৰ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ৰাজহুৱা কৰিছে সামাজিক মাধ্যমত। তেওঁ লিখিছে- ধেমাজিৰ বানৰ পৰিপ্রেক্ষিতত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। তেখেতক বিতংভাৱে চলিত উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ বিষয়ে সবিশেষ জনোৱা হয়। এই সংকটময় সময়ত তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰিছে। বানপীড়িত প্ৰতিজন লোকৰ সুৰক্ষা, সহায় আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে আমি সকলোৱে মিলিত প্রচেষ্টাৰে মোকাবিলা কৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *