ধেমাজিত বানৰ সংহাৰী ৰূপ;বানে উটুৱাই নিলে ৰে’লৱে’ দলং

ধেমাজি জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চিমেন নৈৰ বাঢ়নী পানীয়ে চিমেনমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু কেইখন গাঁও প্লাৱিত কৰাৰ ফলত অঞ্চলটোৰ স্বাভাৱিক জনজীৱন আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

চিমেন চাপৰিৰ বানত ৪ জন লোক উতি যায়। অৱশ্যে প্ৰশাসন আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ৩ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা যায়। আনহাতে, বালিখুঁটিৰ সুদাময়া যাদৱ নামৰ এজন ব্যক্তি বৰ্তমানো সন্ধানহীন হৈ আছে।

বানৰ সংহাৰে জিলাখনৰ ৰে’ল যোগাযোগতো গভীৰ প্ৰভাৱ পেলাইছে। চিমেন নৈৰ ওপৰত থকা ৰে’লৱে’ দলংখন বানৰ কোবত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত মুৰ্কংচেলেকলৈ ৰে’ল চলাচল বন্ধ ৰখা হৈছে, যাৰ ফলত লাচিত এক্সপ্ৰেছৰ যাত্ৰাও বাতিল কৰিবলগীয়া হৈছে। ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ জি এম আৰু ডি আৰ এম-কে ধৰি এটি ৭ জনীয়া প্ৰতিনিধি দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে। ৰে’ল কৰ্তৃপক্ষই জনোৱা অনুসৰি, বানৰ পানী হ্ৰাস পোৱাৰ লগে লগেই দলংখনৰ মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব।

ৰাজ্য চৰকাৰে এই দুৰ্যোগৰ সময়ত বানাক্ৰান্তৰ কাষত থিয় দিছে। মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই আৰু কেশৱ মহন্তই ধেমাজিৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বুজ লয়। বান পীড়িতক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ ফোনযোগে মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ধেমাজিৰ বিষম পৰিস্থিতিৰ সবিশেষ খবৰ লয় আৰু এই সংকটৰ সময়ত অসমক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *