দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।

দেশৰ বহু ভিভিআইপি, ভিআইপিৰ লগতে এনডিএ শাসিত বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ আৰু আগশাৰীৰ কেইবাগৰাকীও উদ্যোগপতিৰ উপস্থিতিত ক্ৰমাগত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসম বিধানসভাৰ ষষ্ঠদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ বিপৰীতে খানাপাৰাত ডঃ শৰ্মাৰ সৈতে আন চাৰিগৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে৷

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা এই চাৰি বিধায়ক হৈছে ক্ৰমে – প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *