তেজেৰে তুমৰলি হৈ মুমূর্ষ অৱস্থাত উদ্ধাৰ এজন লোকক

জাগীৰোডত চাঞ্চল্যকৰ ঘটনা৷ মইনাজান নামৰ অঞ্চলত তেজেৰে তুমৰলি হৈ মুমূর্ষ অৱস্থাত উদ্ধাৰ এজন লোকক৷ সংকটজনক অৱস্থাত স্থানীয় লোকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

উদ্ধাৰ হোৱা লোকজনৰ মূৰত কোৰেৰে আঘাত কৰাৰ চিন স্পষ্ট আছিল। তদুপৰি লোকজন পৰি থকা স্থানতে আছিল এখন চাইকেল আৰু তেজ লগা এখন কোৰ৷

সন্দেহ কৰা মতে চাইকেল আৰোহী লোকজনক কোৰ খনৰে আক্ৰমণ কৰা হৈছিল৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

Leave a Reply

Your email address will not be published. Required fields are marked *