কলগাছিয়াত আৰক্ষীৰ জালত নগদ ধন-লেপটপসহ কুখ্যাত চাইবাৰ অপৰাধী

বৰপেটা জিলাত অনলাইন জুৱা অব্যাহত । জিলাখনৰ বিভিন্ন ঠাইত এটা দুষ্ট চক্ৰই অব্যাহত ৰাখিছে জুৱা খেল। কলগাছিয়াত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী । আৰক্ষীয়ে চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন, ম’বাইল ফোন আৰু লেপটপ ।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বনঘূগী গাঁৱৰ পৰা জিলা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত চাইবাৰ অপৰাধীটোক । আৰক্ষীয়ে চলোৱা অভিযানত কুখ্যাত চাইবাৰ অপৰাধীটোৰ লগতে নগদ ৫ লাখ টকা, এটিএম কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আদিও জব্দ কৰে ।

বৰপেটা জিলা আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ নিৰ্দেশত অপৰাধ শাখাৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত অভিযান চলাই বিভিন্ন অনলাইন জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত বনঘূগীৰ মিজানুৰ ৰহমানৰ পুত্ৰ মাছুদ জিন্নুল আহমেদক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জিন্নুলে বিভিন্ন জনৰ পৰা অনলাইন গেম আৰু জুৱাৰ জড়িয়তে লাখ লাখ টকা লুট কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *