তিনিচুকীয়াত বুজন পৰিমাণৰ গাঞ্জাসহ আটক এজনক

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষী।

বৃহস্পতিবাৰে নিশা বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া জিলা কাৰাগাৰৰ সমীপৰ ককৰাতলীত আৰক্ষীৰ অভিযান৷ অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা৷ পোনাকণ দাস নামৰ এটা গাঞ্জা ব্যৱসায়ীৰ আত্মীয়ৰ ঘৰৰ পিচফালে নিচাজাতীয় সামগ্ৰীখিনি লুকুৱাই ৰাখিছিল ।

ৰাইজৰ অভিযোগ মতে, এই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এনে বেহা চলি আহিছে । আৰক্ষীয়ে এই বিষয়ে তথ্য লাভ কৰাৰ পিচতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ব্যৱসায়ীটোৱে গাঞ্জাখিনি হাবিৰ মাজত লুকুৱাই ৰখাৰ লগতে কেইবাটাও পেকেট মাটিত পুতি থৈছিল । ইতিমধ্যে পোনাকণ দাসকো আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযানকাৰী আৰক্ষী বিষয়া এগৰাকী কয়, “এয়া তিনিচুকীয়া আৰক্ষীৰ এক বৃহৎ সফলতা বুলিয়েই ক’ব লাগিব । আমি এক গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিলো । অভিযানত ২০ টাকৈ গাঞ্জাৰ পেকেট জব্দ কৰিবলৈ সক্ষম হওঁ । প্ৰায় ২০০ কেজিৰো অধিক হ’ব । এই সন্দৰ্ভত তদন্ত চলি আছে । তদন্তৰ খাতিৰত এতিয়াই সকলো কথা ৰাজহুৱা কৰিবলৈ অসুবিধা হ’ব ।”

Leave a Reply

Your email address will not be published. Required fields are marked *