ডিজেল চুৰি কৰি থকা অৱস্থাত হাতে-লোটে আটক চোৰক

মহানগৰীৰ মঠঘৰীয়াত টেংকাৰৰ পৰা ডিজেল চুৰি কৰি থকা অৱস্থাত ৰাইজৰ হাতত হাতে-লোটে আটক কৰে চোৰক।

ধৃত চোৰটোৰ পৰা প্ৰায় ৬০ লিটাৰ চুৰি কৰা ডিজেল উদ্ধাৰ।

গুৱাহাটীৰ মঠঘৰীয়াৰ মাৰ্কেটিং ৰোডত সংঘটিত হৈছে ডিজেল চুৰিৰ ঘটনা।

৭ নৱেম্বৰৰ নিশা প্ৰায় ৮ বজাত পথৰ কাষত ৰখাই থোৱা এখন টেংকাৰৰ পৰা ডিজেল চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে হাতে-লোটে আটক কৰে ৰূপেশ সাহ নামৰ লোকজনক

ধৃত ৰূপেশৰ জিম্মাৰ পৰা ৬০ লিটাৰ ডিজেলভৰ্তি তিনিটা প্লাষ্টিকৰ ড্ৰাম উদ্ধাৰ কৰা হয়।

এই ঘটনাৰ সন্দৰ্ভত প্ৰাঞ্জল ৰায়ে ৮ নৱেম্বৰত নুনমাটি থানাত দাখিল কৰে এজাহাৰ।

ইতিমধ্যে এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ১৯৬/২০২৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ASI গোবিন্দ পাটগিৰিক গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

টেংকাৰৰ পৰা ডিজেল চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত।

Leave a Reply

Your email address will not be published. Required fields are marked *