জৰাজীৰ্ণ পথত লৈ শিৱসাগৰত পথ অৱৰোধ কাৰ্যসূচী

শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা, অসমৰ পথ অৱৰোধ কাৰ্যসূচী।শিৱসাগৰ নগৰৰ ৰংঘৰ চাৰিআলিকে ধৰি শিৱসাগৰ নাজিৰা সংযোগী নাজিৰা পথ,বৰ আলি,জয়সাগৰ ভটিয়াপাৰ পথ আদিৰ জৰাজীৰ্ণ অৱস্থাক লৈ এই প্ৰতিবাদী কাৰ্যসূচী জাতীয় সংগ্ৰামী সেনা,অসমৰ শিৱসাগৰ জিলা সমিতিয়ে ৰূপায়ণ কৰে।

এই পথসমূহৰ শোচনীয় অৱস্থাৰ ফলত জনসাধাৰণৰ যাতায়তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ লগতে ইতিমধ্যে সংঘটিত হৈছে বহু কেইটা পথ দুৰ্ঘটনা।এই দুৰ্ঘটনা সমূহৰ ফলত বহু লোক আহত হোৱাৰ লগতে পথচাৰীৰ মৃত্যু পৰ্যন্ত সংঘটিত হৈছে।

এই পথসমূহৰ দুৰাৱস্থাক লৈ ইতিমধ্যে বহু অভিযোগ দাখিল কৰাৰ পাছতো কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ লগতে ঠিকা আৱণ্টিত ঠিকাদাৰৰ।বিশেকৈ শিৱসাগৰ নাজিৰা সংযোগী নাজিৰা আলি আৰু নাজিৰা জয়সাগৰ সংযোগী বৰ আলিৰ নিৰ্মাণ আজিৰ পৰা বছৰ বছৰ ধৰি লেহেমীয়া গতিৰে আগবঢ়াক লৈ ইতিমধ্যে ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে

আজিৰ প্ৰতিবাদত জাতীয় সংগ্ৰামী সেনাৰ নেতা-কৰ্মী সকলে ৰংঘৰ চাৰিআলিত পথ অৱৰোধ কৰি যাতায়ত স্থৱিৰ কৰি তোলে।প্ৰায় এঘণ্টা ধৰি আৱৰোধৰ ফলত তীব্ৰ যানজঁতৰ সৃষ্টি হয়।এই পথ সমূহ অনতিপলমে নিৰ্মাণ নকৰিলে জাতীয় সংগ্ৰামী সেনাই আগন্তুক দিনত অনিৰ্দিষ্টকালীন পথ আৱৰোধৰ ভাবুকি দিছে।আনহাতে প্ৰতিবাদ থলীত জিলা আয়ুক্ত কাৰ্যালয়ৰ দণ্ডাধীশ উপস্থিত হৈ অভাৱ-অভিযোগৰ বুজ লৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *