গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
সুৰামত্ত যুৱকৰ এল্ট’ বাহনৰ স্কুটি আৰোহীক মহতিয়াই আহত কৰাৰ লগতে ৰখাই থোৱা এখন ট্ৰেভেলাৰ গাড়ীত খুন্দা মাৰে। গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত সংঘটিত এই পথ দুৰ্ঘটনা।
ফলত এল্টো বাহনখনত থকা দুয়োজন নগালোকে গুৰুতৰভাৱে আহত হোৱৰ লগতে স্কুটি আৰোহীজন গুৰুতৰভাৱে আহত হয়।
ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক গোলাঘাটৰ শ্বহীদ কুশল কুঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।