জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দেওবাৰে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশবাসীক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰে, “সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা! দেশৰ বিভিন্ন প্ৰান্তত থকা মোৰ পৰিয়ালৰ সকলো সদস্যলৈ জনাইছোঁ দীপাৱলীৰ আন্তৰিক শুভকামনা।”

ইয়াৰ পূৰ্বে শনিবাৰেও এটা ভিডিঅ’ বাৰ্তাযোগে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। দীপাৱলীক আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়ৰ প্ৰতীক হিচাপে অভিহিত কৰি তেওঁ দেশবাসীৰ শান্তি, সুখ আৰু সমৃদ্ধি কামনা কৰে।

ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে পোহৰৰ উৎসৱে সমগ্ৰ দেশকে আলোকিত কৰি তুলিছে। তেওঁৰ ভাষাত, ‘‘পোহৰৰ এই উৎসৱ হৈছে আন্ধাৰৰ বিৰুদ্ধে আমাৰ সংকল্পৰ প্ৰতিফলন।’’ একে সময়তে প্ৰতি বছৰে দেশৰ সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদ্‌যাপন কৰাৰ নিজৰ পৰম্পৰাৰ কথাও উল্লেখ কৰে তেওঁ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰতি বছৰে দেশৰ জোৱানসকলৰ সৈতে দীপাৱলী উদ্‌যাপন কৰাটো মোৰ নিয়মীয়া পৰম্পৰাত পৰিণত হৈছে। এইবছৰো এই পৰম্পৰা অব্যাহত থাকিব।’’

Leave a Reply

Your email address will not be published. Required fields are marked *