জামিন আবেদনৰ শুনানি সম্পূৰ্ণ নহ’ল পৰেশ বৈশ্যৰ
জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ জামিন আবেদন গ্ৰহণ নকৰিলে আদালতে।
উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল পৰেশ বৈশ্যই।
সুস্মিতা ফুকন খাউণ্ডৰ আদালতে গ্ৰহণ নকৰিলে শুনানি
ন্যায়াধীশ মিতালি ঠাকুৰীয়াৰ আদালতত হ’ব পৰেশ বৈশ্যৰ পৰৱৰ্তী জামিন আবেদনৰ শুনানি
উল্লেখ্য যে মুকলি আকাশৰ তললৈ ওলাই অহাৰ আপ্ৰাণ চেষ্টা কৰিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তৰ। প্ৰতিটো অভিযুক্তই বাৰম্বাৰ কৰিছে জামিন আবেদন। তাৰে মাজতে জামিনৰ শুনানি বিফলে গৈছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অভিযুক্ত সন্দীপন গাৰ্গৰ। উচ্চ ন্যায়ালয়ত বুধবাৰে সম্পন্ন হোৱা নাছিল সন্দীপন গাৰ্গৰ শুনানি।