সোমবাৰে পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি এছ টি এফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত আমিনগাঁৱত এক বৃহৎ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত মিজোৰামৰ পৰা নামনি অসমলৈ গৈ থকা অৱস্থাত এখন ছুইফট্ ডিজায়াৰ (AS 01 EF 5876) বাহনৰ পৰা প্ৰায় ৪ কিলোগ্ৰাম ওজনৰ ৪০,০০০ য়াবা নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ ভাষ্য মতে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা।
এই বৃহৎ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত বৰপেটাৰ হাছচৰা গাঁৱৰ মহম্মদ হাকিম দেৱানক (৩৬) আটক কৰা হৈছে। বৰ্তমান ধৃত সৰবৰাহকাৰীজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।