চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ

চামগুৰিৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অব্যাহত বন্যহস্তীৰ মুক্ত বিচৰণ।

বন্যহস্তীৰ মুক্ত বিচৰনে শংকিত কৰিছে গেন্ধালী মাজৰআটি ৰাইজক।

দিনৰ পোহৰত চহা কৃষক সকলৰ খেতি ডৰা অনিষ্ট কৰে আৰু ৰাতি হলে ঘৰ দুৱাৰ ভাঙি তহিলং কৰে।বন্যহস্তীয়ে

বন্যহস্তীৰ উপদ্ৰৱৰ ফলত লাহে লাহে গেন্ধালী মাজৰ আটিৰ ৰাইজে খেতি কৰা বাদ দিয়াৰ লগতে কটাইছে উজাগৰী নিশা।

বনবিভাগেও হাতী কেইটা আঁতৰাই পঠিওৱাৰ চেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই বনবিভাগ।

সেয়হে হাতী কেইটা নিৰাপদ স্থানলৈ আঁতৰাই পঠিয়াই ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ সপোনৰ খেতি ডৰা ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *