গুজৰাটত গ্ৰেপ্তাৰ অসমৰ যুৱক! জইছ-ঈ-মহম্মদৰে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ ছাহাৰুল ইছলামক

গুজৰাটত গ্ৰেপ্তাৰ অসমৰ ২২ বছৰীয়া যুৱক। জঈছ-ঈ-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ শ্ৰীভূমিৰ ছাহাৰুল ইছলাম কবিৰুদ্দিন।

গুজৰাটৰ বডোদৰাত অভিযান চলাই ৰাজ্যখনৰ সন্ত্ৰাসবাদবিৰোধী গোট (ATS)-এ ছাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে। অভিযানকালত তেওঁৰ পৰা ২৩ জাঁই সজীৱ গুলীসহ এটা AK-47 ৰাইফল জব্দ কৰা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি, গুজৰাটত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে ছাহাৰুলক। বিশেষকৈ বডোদৰাৰ বায়ুসেনা ঘাটিক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাটোৱে। জব্দ কৰা AK-47 ৰাইফলটো পাকিস্তানৰ পৰা অনা হৈছিল বুলিও সন্দেহ কৰা হৈছে।

তদন্তকাৰী সূত্ৰৰ মতে, বিগত এবছৰ ধৰি জঈছ-ঈ-মহম্মদৰ সৈতে যোগাযোগত আছিল ছাহাৰুল। বিগত ছমাহ ধৰি তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল গুজৰাট ATS-এ। বাছ আৰু ৰে’লযোগে যাত্ৰা কৰি তেওঁ গুজৰাটত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা পোনতে ভূপাললৈ ৰে’লযোগে গৈছিল ছাহাৰুল। তাৰ পাছত গুজৰাটলৈ যাত্ৰা কৰিছিল জেহাদীটোৱে।

ছাহাৰুলৰ ম’বাইল ফোন পৰীক্ষা কৰোঁতে তদন্তকাৰী সংস্থাই জঈছ-ঈ-মহম্মদৰ সৈতে সম্পৰ্কিত বুলি সন্দেহ কৰা বিভিন্ন তথ্য লাভ কৰিছে। ফোনটোত শত্ৰুৰ ওপৰত আক্ৰমণৰ প্ৰশিক্ষণমূলক নিৰ্দেশনা, মুখ ঢাকি ৰখা ব্যক্তিৰ ছবি আৰু ‘Jihad’ শব্দ লিখা ছবি উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে। ইয়াৰ উপৰি আৰৱী ভাষাত ‘Al-Baqir’ আৰু উৰ্দু ভাষাত ‘Gharib Shah’ শব্দও ফোনটোত পোৱা গৈছে বুলি জানিব পৰা গৈছে।

সমগ্ৰ ঘটনাক লৈ অধিক তদন্ত অব্যাহত ৰাখিছে গুজৰাট ATS-এ।

Leave a Reply

Your email address will not be published. Required fields are marked *