ভয়ংকৰ পথ দুৰ্ঘটনা; কণ-কণ দুই ছাত্ৰকে ধৰি ৬ জনকৈ লোক।আহত

লংকাৰ কাকীত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কণ-কণ দুই ছাত্ৰকে ধৰি ৬ জনকৈ লোক।

কাকী-ভালুকমাৰীসংযোগী পথৰ গান্ধীপুখুৰীত সংঘটিত দুৰ্ঘটনাত বিপৰীত দিশৰ পৰা অহা দুই তীব্ৰবেগী বাইকে খুন্দা মাৰি পথৰে বিদ্যালয়লৈ বুলি গৈ থকা কণ-কণ দুই ছাত্ৰ-ছাত্ৰীক খুন্দা মাৰে । তীব্ৰ খুন্দাত দুই ভাতৃ-ভগ্নী শিশু গুৰুতৰভাৱে আহত হয়। আহত শিশু কৃষ্ণমণি বৰদলৈ(১১)ক সংকটজনক অৱস্থাত ইতিমধ্যে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে,দুৰ্ঘটনাটোত বিদ্যালয়লৈ এজন ছাত্ৰ আৰু মাতৃক নি থকা সুমিত দাস নামৰ লোকজনৰ হাতৰ আঙুলি টুকুৰা হৈ যোৱাৰ লগতে ভৰি এখন ভাগি যায় আৰু ৬ বছৰীয়া ছাত্ৰ বিহান দাস আৰু মাতৃ আহত হয়। বিপৰীতে,মহাবিদ্যালয়ত অধ্যয়ণৰত আনজন বাইক আৰোহী ছাত্ৰ মানস মেচ আঘাতপ্ৰাপ্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *