কৰ্মৰ সন্ধানত ঘৰৰ পৰা গৈছিল গুৱাহাটীলৈ ;কিন্তু বৰ্তমানলৈ সন্ধান নাই ৰবি সোণোৱালৰ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সমীপৱৰ্তী তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাঙৰী বৰপথাৰ গাঁৱৰ ৰবি সোণোৱাল নামৰ এজন যুৱক সন্ধানহীন৷ যোৱা ২৬ জুন তাৰিখে ৩৫ বছৰীয়া ৰবি সোণোৱালে কৰ্মসূত্ৰে গুৱাহাটীলৈ বুলি উলাই গৈছিল৷

কিন্তু যাত্ৰা পথৰ আদবাটৰ পৰা লোকজনৰ পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হয় আৰু আজি পৰ্যন্ত সন্ধান উলোৱা নাই বুলি পৰিয়ালে জানিবলৈ দিছে৷

পৰিয়ালৰ লোকে আৰক্ষীৰ সহায় লৈছে যদিও আৰক্ষীয়ে আজি পৰ্যন্ত যুৱক জনৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ বৰপথাৰ গাঁৱৰ নিবাসী ৰাজীৱ সোণোৱালৰ পুত্ৰ ৰবি সোণোৱালক কোনো ব্যক্তিয়ে যদি প্ৰত্যক্ষ কৰে তেন্তে ৯৮৬৪১১৪৬৭৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনাইছে পৰিয়ালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *