দীৱালীৰ আনন্দৰ মাজতে মহানগৰীৰ কাহিলীপাৰা চতুৰ্থ অসম আৰক্ষী বাহিনী সমীপত ভয়ংকৰ অগ্নিকাণ্ড।
প্ৰায় তিনিতকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সম্পূর্ণৰূপে ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্ৰী।
দীৱালীৰ ফটকাৰ পৰাই এই জুইৰ সূত্ৰপাত ঘটে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
ঘটনাৰ খবৰ পোৱাৰ ততাতৈয়াকৈ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপেৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰা হয় যদিও তেতিয়ালৈকে দোকান কেইখন আৰু বহু মূল্যৱান সম্পত্তি সম্পূর্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়।