কানাড়া বেংকৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা।
অনুষ্ঠানত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত পঞ্চায়ত আৰু সুৰা নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীয়ে কয়- পঞ্চায়তত কেৱল নিৰ্বাচিত প্ৰতিনিধিসকলেই সক্ৰিয় ভূমিকা পালন কৰাটো উচিত। নিৰ্বাচিত প্ৰতিনিধিৰ বাহিৰে স্বামীসকল পঞ্চায়তৰ কাম-কাজত জড়িত হোৱাটো সমীচিন নহয় লগতে তেওঁ কয়, দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা সকলো বিষয় আলোচনা কৰি চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ আৰু সদ্ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তীক্ষ্ণ নজৰ ৰাখিছো। এই ক্ষেত্ৰত আগলৈও অধিক সতৰ্ক হৈ কাম কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়- দাম বৃদ্ধি হোৱাটো ইতিবাচক পদক্ষেপ। ইয়াৰ ফলত মানুহে সুৰা কমকৈ সেৱন কৰিব, স্বাস্থ্যজনিত সমস্যাও হ্ৰাস পাব আৰু জনস্বাস্থ্য উন্নত হ’ব। তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে- বিশেষকৈ গ্ৰামাঞ্চলত চুলাই মদৰ প্ৰচলন উদ্বেগজনকভাৱে বৃদ্ধি পাইছে, যিয়ে সাধাৰণ মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।