কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬জনলৈ বৃদ্ধি।নিহত হোৱা সকলৰ ভিতৰত আছে কেইবাগৰাকী নগাঁও কাজিৰঙা মহাবিদ্যালয়ৰ ছাত্ৰী।
জানিব পৰা মতে, বৰ্তমানলৈ ট্ৰেভেলাৰখনৰ ভিতৰত আৱদ্ধ হৈ আছে বহুকেইগৰাকী যাত্ৰী।।দুৰ্ঘটনাস্থলীত বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান
দুৰ্ঘটনাগ্ৰস্ত বাহন নগাঁও অভিমুখী ট্ৰেভেলাৰৰ নম্বৰ- AS 02AC 6690। আনফালে যোৰহাট অভিমুখী ট্ৰেইলাৰখনৰ নম্বৰ- KA 01AT0977।
কাজিৰঙাৰ এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰি লিখিছে এনেদৰে- কাজিৰঙাত সংঘটিত অত্যন্ত দুর্ভাগ্যজনক গাড়ী দুৰ্ঘটনাৰ খবৰটিত ব্যথিত হৈছোঁ। এই খবৰে আমাক সকলোকে জোকাৰি গৈছে।
মৰ্মান্তিক ঘটনাটিত মৃত্যুক আঁকোৱালি লোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই অপূৰণীয় ক্ষতিৰ বেদনা কোনো শব্দৰে লাঘৱ কৰিব নোৱাৰি। কিন্তু এই শোকৰ মুহূৰ্তত তেওঁলোকক আশ্বাস দিব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়। সমগ্ৰ অসম এই সময়ত আপোনালোকৰ কাষত আছে।
দুর্ঘটনাটোত আহতসকলক প্রয়োজনীয় সকলো প্রকাৰৰ চিকিৎসা ব্যৱস্থা জৰুৰীকালীন ক্ষিপ্রতাৰে আগবঢ়াবলৈ ইতিমধ্যে নির্দেশনা প্রদান কৰা হৈছে। এই সময়ত আমাৰ সর্বোচ্চ অগ্ৰাধিকাৰ হৈছে দুৰ্ঘটনাত আহতসকলক বিন্দুমাত্ৰ পলম নকৰাকৈ সৰ্বোত্তম চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰা।