দেওবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়া আৰু আবকাৰী অধীক্ষকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
ৰাজ্যত পথ দুৰ্ঘটনা প্ৰতিৰোধ আৰু পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা
বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ হ’ল –
কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।মদ্যপান কৰি গাড়ী চলোৱা আৰু নিৰ্ধাৰিত গতিসীমা উলংঘা কৰাৰ বিৰুদ্ধে
বাহনসমূহত স্পীড লিমিট ডিভাইচ সংস্থাপন বাধ্যতামূলক কৰাৰ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ।
বনভোজস্থলীলৈ যাত্ৰাৰ সময়ত পুৱতি নিশা ৩-৪ বজাৰ ভিতৰত যাত্ৰা পৰিহাৰ কৰাটো নিশ্চিত কৰাৰ লগতে পথ সুৰক্ষাৰ বাবে এটা বিশেষ প’ৰ্টেল মুকলি কৰাৰ ব্যৱস্থা।
প্ৰতিখন জিলাতে টাস্ক ফ’ৰ্চ গঠন কৰি ব্যস্ত সময়ছোৱাত পথত নিৰীক্ষণ আৰু তালাচী ব্যৱস্থা অধিক শক্তিশালী কৰা।
প্ৰতি ১৫ দিনৰ মূৰে মূৰে পথ দুৰ্ঘটনাসমূহৰ পৰ্যালোচনা কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ চিনাক্ত কৰা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ।
হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰু যান-বাহন আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ।
লগতে মুখ্যমন্ত্ৰীয়ে সকলো সংশ্লিষ্ট বিভাগক সমন্বিতভাৱে কাম কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত দায়ৱদ্ধতা আৰু তদাৰকী ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে।