কইনা হোৱাৰ সপোন আধৰুৱা কৰি গুচি গ’ল সুজাতা

বিয়ালৈ মাজত মাত্ৰকেইটামান দিন বাকী আছিল সুজাতাৰ। ইতিমধ্যে বিয়াৰ প্ৰস্তুতি চলি আছিল।সুজাতাৰ ঘৰত।সপোন পুৰণ হোৱাৰ আগতে থানবান হ’ল সকলো।

শুকুৰবাৰে কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই থানবান কৰি পেলালে সকলো।

কণমানি ভাগিনীয়েকৰ জন্মদিনৰ পাৰ্টীলৈ গৈ ওভতি নাহিল সুজাতা তাঁতী।

ভাগিনীয়েকৰ জন্মদিনৰ বাবে সেই অভিশপ্ত ট্ৰেভেলাৰখনেৰে জখলাবন্ধালৈ আহি আছিল সুজাতা।

উল্লেখযোগ্য যে,শুকুৰবাৰে কাজিৰঙাৰ ৰঙাজানত তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত শিশুসহ বহু কেইগৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হয়। বৰ্তমানলৈ মৃত্যু সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH) তথা স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *