প্ৰেমিকা তথা পত্নীক প্ৰৱঞ্চনা কৰা নিৰাপত্তাৰক্ষীক উত্তম মাধ্যম গৃহলক্ষ্মী মহিলা কল্যাণ সমাজৰ ।
পত্নীক প্ৰৱঞ্চনা কৰা স্বামীক লপাথপা দি পঘাৰে বান্ধি আনিলে ৰঙিয়া আৰক্ষী থানালৈ । সুদীৰ্ঘ ৬ মাহে আত্মগোপন কৰি আছিল ৰঙিয়াৰ মৰাণজানাৰ ৰাহুল আলী । ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পত্নীয়ে । আৰক্ষী বিফল হৈছিল স্বামীৰ সন্ধান উলিয়াবলৈ ।
অৱশেষত গৃহলক্ষ্মী মহিলা কল্যাণ সমাজৰ মহিলাসকলে সন্ধান উলিয়ালে প্ৰৱঞ্চক ৰাহুল আলীৰ ।চাংসাৰিৰ গৌৰিপুৰৰ এটা কোম্পানীৰ সন্মুখত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত ৰাহুল আলীক প্ৰত্যক্ষ কৰে গৃহলক্ষ্মী মহিলা কল্যাণ সমাজৰ মহিলাসকলে । লগে লগে মহিলাসকলে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই ৰাহুল আলীক ।
ইমানতে ক্ষান্ত নাথাকি মহিলাসকলে ধৰি বান্ধি চাৰি চকীয়া বাহনত চোঁচোৰাই টানি লৈ আহে ৰাহুল আলীক । পিছত আৰক্ষীক চমজাই দিয়ে প্ৰৱঞ্চক ৰাহুল আলীক ।
অভিযোগ অনুসৰি, প্ৰায় ডেৰ বছৰ পূৰ্বে একে গাঁৱৰে এগৰাকী যুৱতীক বিভিন্ন ধৰণৰ প্ৰলোভন দি পলুৱাই নিছিল ৰাহুলে । প্ৰথমাৱস্থাত সকলো ঠিকে আছিল । কিন্তু সময় যোৱাৰ লগে লগে যৌতুকৰ বাবে আৰম্ভ হ’ল মানসিক নিৰ্যাতন । আনকি প্ৰেমিকা তথা পত্নীক গৰ্ভপাত কৰিবলৈ কৰিছিল হেঁচা প্ৰয়োগ । অৱশেষত যৌতুকৰ ধন আনিবলৈ শহুৰেকৰ ঘৰলৈ পঠিয়াই সুদীৰ্ঘ ৬ মাহ আত্মগোপন কৰি আছিল প্ৰৱঞ্চক স্বামীয়ে । ভুক্তভোগী পত্নীয়ে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো সম্ভেদ লাভ কৰা নাছিল । তাৰ পিছত গৃহলক্ষ্মী মহিলা কল্যাণ সমাজক অভিযোগ দাখিল কৰিছিল ভুক্তভোগী মহিলাগৰাকীয়ে ।
অৱশেষত গৃহলক্ষ্মী মহিলা কল্যাণ সমাজৰ মহিলাসকলে কোম্পানীৰ নিৰাপত্তাৰক্ষী তথা প্ৰৱঞ্চক স্বামী ৰাহুল আলীক উত্তম মাধ্যম সোধাই ধৰি পঘাৰে বান্ধি ৰঙিয়া আৰক্ষীক চমজাই দিয়ে ।